মুখ্য পৃষ্ঠা
06/04/2514:55
"ৰাংকুকুৰ"
পশ্চিমৰ শেষ সীমনাত
বেলিটোয়ে লুইতৰ বুকুত পানী খাই
এটি এটি দিনৰ সমাপ্তি ঘোষনা কৰে |
দি যায় নীল আকাশক সেন্দুৰীয়া ফোট
কজলা ডাৱৰ বোৰ ভাঁহি আহি
আকাশৰ ৰাঙলী ফোট মোহাৰি দিয়ে
ধৰালৈ সন্ধ্যা নামে |
অনেক বেলি দেখিছো এনেদৰেই |
পাহাৰ বগাই ওলাই আহে পুৰ্বাচলত
আৰু বিদায় লয় পশ্চিমৰ
সেন্দুৰীয়ে আলিৰে |
সন্ধ্যাৰ নিমন্ত্ৰণ দিয়ে জোনাকীয়ে
আকাশত তৰাৰ ফুলজাৰি চাই
চন্দ্ৰমাই লাজ লাজকৈ হাঁহে |
মেৰুদণ্ডহীন দীঘল ৰাতি এটি সাবতী
ডাৱৰৰ সৈতে ধেমালীত মগ্ন হৈ পৰে |
হাতীপটিয়েদি উজাই আহে
এখন আকাশী যান |
মোৰ হৃদয়ৰ মৰু অঞ্চলত
টোপা টোপে যেন নিয়ৰৰ বোমা সৰে |
দুহাতত কলমৰ দাৰুদ তুলি ,
শব্দৰ গুলি ফুটাই আকাশক সুধু
নিশা বোৰ কাৰ বাবে আহে ?
ধনী দুলালৰ বাবে ?
নে পদপথত পৰি থকা শিশুটিৰ বাবে |
দুচকুত নামে হাজাৰটি সপোন
মনাকাশত উৰে চিন্তাৰ পখিলা |
সপোন বোৰ দালালৰ দৰে ,
ঠিকনা হীন বাস্তৱ দুচকুত আঁকি
দিয়ে |
উমি উমি জ্বলি থকা চাকিটো
সাক্ষী হৈ থাকিব থাকিব নোৱাৰে |
বেদনাত ভাৰাক্ৰান্ত হৈ আত্মহত্যা কৰে |
দালাল বোৰ সাৰে থাকে
পদপথৰ শিশুবোৰ মৰে
ৰাং কুকুৰ এজাকে জীয়া মঙহ বিচাৰে |
© ৰাজু কলিতা
15/11/14