XtGem Forum catalog
মুখ্য পৃষ্ঠা
13/09/25United States18:28

নীলাঞ্জনা

নীলিম আকাশত লিখিম নাম ;
নিতৌ এবাৰ তোমাক চাম |
নিদিবা মোক অযুত দুখ ;
নিহাৰিকা আঁচলত বিচাৰিম সুখ |
নদীৰ দৰে বোৱাই দিবা মৰম ;
নকৰিবা স্তব্ধ বুকুৰ স্পন্দণ |
নালাগে মোক আঁউসিৰ আন্ধাৰ ;
নীল দুচকুত বিচাৰো জোনাক সন্ধ্যাৰ |
নিষ্পাপ মোৰ হৃদয়ৰ ভাষা ;
নক'বা মিছাকৈ নিদিবা আশা |
নাভাগৰু মই জীৱন বাটত ;
নাযাবা এৰি মোক দুখৰ মাজত |
নিশাৰ গভীৰতাত অধীৰ নহ'বা ;
নীলাঞ্জনা তুমি সপোনত আহিবা |

© ৰাজু কলিতা

28/12/13