মুখ্য পৃষ্ঠা
08/04/2510:26
"মৰাশ"
এখন উকা কাপোৰৰ তলত
এদিন নিচিন্ত মনেৰে মই শুম |
আপোন সকলে চিঞঁৰী চিঞঁৰী
মোক উঠাবলৈ চেষ্টা কৰিব
অথচ ,
ভটিয়নি যাত্ৰাত উলটি আহিব নোৱাৰিম কাঁহানিও |
ছাল আৰু ভোটা বেজিৰ সংঘাটত
জীয়াই থকা সকলক সুধিব নোৱাৰো
জীৱন কি ?
কোনো অচিনাকি নাৰ্চৰ তাগিদাত
মই জীয়াই থাকিব নিবিচাৰো |
প্ৰেয়সীৰ কপাল উকা কৰি
শ্মশানলৈ যাম কাৰোবাৰ কান্ধত উঠি |
শিল এটা বুকুত বান্ধি
আত্মহত্যা কৰা যুৱকক সুধি চাম
মৃত্যুৰ ৰহস্য কি ?
লাখুটি লৈ থিয় দিয়া বৃদ্ধ ককাদেউতাক সুধিম ,
মৃত্যু শয্যাত কিমান
সপোনে উচুপি কান্দে ?
আইৰ আঁচলৰ তলত মুখ লুকুৱাই
মই চিৰ নিদ্ৰাত মাতাল হম |
পৰিচিত সকলে ক'ব সি মৰিল.....
মৃত্যু সহজ , সহজ আনকো মৃত্যুদণ্ড
দিবলৈ |
সহজ বাবেই এদিন আমি সকলো মৰিম |
সময়ৰ কোলাত উঠি ,
দুপাখি মেলি দিম অসীমৰ পৰা অসীমলৈ....
এখন নেদেখা দেশলৈ |
শেষ কবিতাৰে জনাই যাম পৃথিৱীক
মই সিপাৰলৈ আহিলো পৃথিৱী |
চিৰবিদায়...চিৰবিদায়... |
_____ৰাজু
18/04/14