মুখ্য পৃষ্ঠা
06/04/2514:08
পৰিচয় বুলিবলৈ মোৰ আছেনো কি ?মৰম আকলোৱা হৃদয় এখনি লৈ মৰম ভিক্ষা কৰো জন সমুদ্ৰত |কেতিয়াবা পাওঁ কাৰোবাৰ এষাৰি মৰমৰ মাত ,আৰু কেতিয়াবা পাওঁ অপমানৰ এটি ক্ষুদ্ৰ উপহাৰ |
শব্দ হীনতাত উচুপি কন্দা মই অজলা দুখীয়া কবি |তেনেই উকা মোৰ জীৱন |আইৰ উৰুখা পঁজা |
মৰি-মৰি জীয়াই থকা আমেজ এটা আছে |সেয়ে জীয়াই আছো ,জীয়াই থাকিব লাগে কাৰণেই |
সময়ে কি শিকাব পাৰে এই
দুখীয়া সন্তানক ?ময়েই যে শিকাইছো সময়ক হাজাৰ দুখৰ
মাজতো জীৱনক ভাল পাঁও বুলি |
দুখ মোৰ কোলাৰ কেচুঁৱাৰ দৰে |
কেতিয়াবা দুখ বোৰেই লাজত
মিছিকি হাঁহে |
সময় আৰু জীৱনক হাতৰ আঙুলিত
ধৰি ঘুৰি থাকো দুখৰ অৰণ্যৰ মাজে-মাজে |
দুখৰ মন্দিৰত কৰো ভুলৰ পূজা |
অৰ্চনা হয় চকুলোৰে |
অনুভূতি বোৰ উকা কাগজৰ বুকুত
নীলা চিয়াঁহীৰে বুলাই ভাল পাওঁ |
কিজানি এইয়া মোৰ জীয়াই থকা প্ৰেৰণা |
চকুলোৰ চিয়াঁহীৰে লিখো অলেখ কবিতা ,ৰং সানে বিষাদে ,ছন্দহীন অযুত দুখৰ বন্যা |
উকা কাগজৰ দৰে উকা হৃদয় |প্ৰেমৰ কলমত নাই মৰমৰ চিয়াঁহী |লিখা নাই প্ৰেমৰ গান ,জ্বলি শেষ হ'ব এদিন প্ৰাণ |
____ৰাজু
08/01/15