XtGem Forum catalog
মুখ্য পৃষ্ঠা
01/05/2615:27

মাজনী"

দেহৰ দৰদাম কৰি কৰি
নীলাম হয় কাৰোবাৰ এখন হৃদয়
বজৰূৱা মন বোৰ উকা উকা হয়
ভাগৰুৱা কলিজাত জুই
অসুখীয়া শেতেলিত প্ৰতিবাদী কণ্ঠ
(মোক হত্যা নকৰিবা
মই জীয়াব বিচাৰো
ম....ই....)
ক্ৰমশঃ চেঁপা হৈ আহে মাত
শুকাই যায় জিভা
ওঁঠত ৰৈ যায় কামোৰৰ দাগ
চেঁপা কণ্ঠ , চেঁচা মৃতদেহ
মাতৃৰ চিঞঁৰ
"মাজনী....."

____ৰাজু

02/03/15