pacman, rainbows, and roller s
মুখ্য পৃষ্ঠা
06/04/25United States18:22

• মা , অলপ মৰম দিয়া •

"দাদা...দাদা ,মায়ে আমাক কিয় মৰম নকৰে ?"ছয় বছৰীয়া ভনীয়েক পিংকীৰ প্ৰশ্নত দহ বছৰিয়া ককায়েক মনোজৰ চকু দুটা সেমেকি উঠিল |এপলক পিংকীৰ চকুলৈ চাই মনোজে পিংকীক সাৱতি ধৰিলে |আলফুলিয়া পিংকীৰ সৰু কপাল খনত মৰমেৰে এটা চুমা আঁকি মনোজে মিছিকিয়া হাঁহি এটাৰে পিংকীক বুজাবলৈ চেষ্টা কৰিলে | 
"মায়ে আমাক খুউব মৰম কৰে ভণ্টি |তুমি দুষ্ট কৰা কাৰণেহে মায়ে খং কৰে |তুমি দুষ্ট নকৰিবা আৰু মায়ে যি কয় ,তাকে শুনিবা |যি খাবলৈ দিয়ে তাকে খাবা |পাপাৰ আগত মায়ে মৰম নকৰে বুলি নক'বা |ক'লে পাপায়ে খং কৰিব |"

- "পাপায়ে কিয় খং কৰিব দাদা ?"
পিংকীৰ প্ৰশ্নত মনোজৰ দুচকুৰে দুটুপাল চকুলো বৈ আহিল |কিদৰে বুজাব বাৰু এই সৰু ছোৱালী জনীক সিহঁতৰ যে নিজৰ মাক নাই |দেউতাকৰ অত্যাচাৰত পিংকীৰ জন্মৰ পিচতেই মাকে আত্মহত্যা কৰিলে |আৰু তাৰ পিচতেই দেউতাকে দ্বিতীয় বিবাহ কৰিলে |অজস্ৰ সা-সম্পত্তি থকা স্বত্বেও মনোজক পঢ়িবলৈ সুবিধা নিদিলে |আৰু ছয় বছৰিয়া পৰি যেন পিংকী জনীকো এষাৰ মৰমৰ মাত নিদিয়ে | 

-"তুমি কিয় কান্দিছা দাদা ?"
পিংকীৰ দ্বিতীয় প্ৰশ্নত মনোজে দুগালৰ চকুলো মোহাৰি পিংকীৰ সৰু সৰু কোমল আঙুলি কেইটাত ধৰি পদূলিলৈ ওলাই আহিল |মনোজে নিজেই নাজানে কিয় দেউতাকে সিহঁতক মৰম নকৰে |ওচৰৰ খুড়ী এজনীয়ে কেতিয়াবা সিহঁত দুয়োকে নিজৰ ঘৰলৈ মাতি কিবা কিবা খাবলৈ দিয়ে ,মৰম কৰে |আজি খুড়ী জনীকে সুধিব কিয় দেউতাকে সিহঁতক মৰম নকৰে |কিয় মাকে সিহঁত দুয়োকে এৰি নেদেখা দূৰলৈ আতৰি গ'ল |

মনোজ আৰু পিংকী পদূলিলৈ ওলাই যোৱা দেখি মাহি মাকে ভিতৰৰ পৰা চিঞঁৰীলে - "ঐ ,তহঁত দুটা ক'ত মৰিবলৈ গৈছ হাঁ ?ঘৰতো চাফা কৰিব লাগে বুলি কিমান ক'ব লাগে | আৰু যে একাঁহি একাঁহি খাবলৈ লাগে ,বাচন বোৰ ধূব নোৱাৰ নেকি ?"
মাহি মাকৰ চিঞঁৰত মনোজ উভটি আহিল |পিংকীক ওছৰৰ খুড়ি জনীৰ ঘৰলৈ যাবলৈ ক'লে |কিন্তু পিংকী ককায়েকৰ লগতে আহিল |পিংকীৰ নিষ্পাপ সৰু অন্তৰ খনে একো বুজিব নোৱাৰিলে যদিও এটা কথা বুজিলে যে এইয়া সিহঁতৰ নিজৰ মা নহয় |ওচৰৰ জোনালীৰ মাকে চোন জোনালীক একো কাম কৰিবলৈ নিদিয়ে |স্কুললৈ যাব দিয়ে |মিঠাই ,গাখীৰ খাবলৈ দিয়ে আৰু কেতিয়াবা তাইকো খাবলৈ দিয়ে | মনোজে জানে যদিও সৰু ভনীয়ক জনীক নকয় এইয়া যে সিহঁতৰ নিজৰ মা নহয় |মনোজে মাহিমাকৰ ওচৰলৈ আহি ভয়ে ভয়ে সুধিলে
-"মা ,কি কাম কৰিবলৈ আছে ?"

-"পিচ ফালে দমকলৰ পাৰত কাঁহি বাতি পৰি আছে ,ধুই আনগৈ যা | আৰু এইজনীক ঘৰলৈ ঝাৰু মাৰিবলৈ দে ।

- মা , সকলো কাম ময়ে কৰিম । ভণ্টিক তুমি কাম কৰিবলৈ নকবা চোন ।তাই সৰু হৈ আছে নহয় ।

-সৰু হৈ আছে হা ? দিনটোত যে দুবাৰকৈ খাবলৈ লাগে , কাম কৰিব নোৱাৰিব নেকি ?

- মা , তুমি আমাক কিয় ইমান খং কৰা মা ? মই ডাঙৰ হ'লে ভণ্টি আৰু মোৰ সকলো খৰচ ময়ে যোগাৰ কৰিম ।তুমি চিন্তা নকৰিবা মা ।আমাক অলপ মৰম দিয়াচোন । 

- তঁহতি মোক মা বুলি নামাতিবি ।

- তুমি কিয় তেনেকৈ কৈছা মা । তুমি আমাৰ মৰমৰ মা ।

-খবৰদাৰ ।আজিয়েই যি ক'লি । আৰু এইখন ঘৰত থাকিবলৈ মন আছে যদি মই যি কৰিবলৈ কম তাকে কৰিবি ।

পিংকীয়ে মাকৰ কথা শুনি উচুপি উঠিল । মনোজে পিচফালে দমকলৰ পাৰত বাচন বোৰ ধুবলৈ গ'ল ।বুকুয়ে যেতিয়া কান্দে , তেতিয়া আনে নেদেখে । মনোজৰ বুকুয়ে কান্দিছিল । পিংকীৰ দুহাতত ঝাৰু এটা দি মাহি মাক ফুৰিবলৈ ওলাই গৈছিল ।

___ৰাজু কলিতা