মুখ্য পৃষ্ঠা
13/09/25
18:35
• কুঁৱলী •
আঘোণৰ পথাৰৰ আৱাহন
কুঁৱলীৰ ঘন আচ্ছাদন
কাৰ পৰশত সৰে
দুৱৰিত হয় সূৰুযৰ মিলন |
ন প্ৰভাতৰ সপোন দুচকুত লৈ
এজাক শিশু পদপথত শুয়ে |
কুঁৱলীৰ অত্যাচৰত ফটা কম্বলে
হাঁহাকাৰ কৰে |
সমাজৰ বাবে সিহঁত জাৰজ
পিতৃ-মাতৃৰ বাবে যৌৱন
কুঁৱলীৰ আৱৰণ ফালি
ডাষ্টবিনৰ সন্ধান কৰে |
কুঁৱলীয়ে সিহঁতৰ দুখ নুবুজে ।
● ৰাজু কলিতা
24/12/14