মুখ্য পৃষ্ঠা
11/04/25
11:49
"নষ্টালজিয়া"
মগজুৰ তীব্ৰ আদেশ
বুকুৰ পুৰনি অভিমান
মৌনতাত উদযাপন
সপোনৰ শতবাৰ্ষিকী |
অস্তিত্বত তেজৰ চেকা
জোনাকীৰ হাতবাউলিত গোপন সন্ধ্যা
আদেশ আৰু অভিমানত
ৰাতিয়ে নুবুজে বুকুৰ বেথা |
অক্টোপাচৰ দৰে এন্ধাৰে মেৰিয়াই ধৰে
শেৱালী হৈ সৰে সপোন
অসীমৰ সীমনাত তৰাই বাঁহী বজাই
দিগন্ত ব্যাপি থাকে সপোনৰো দুখ |
© ৰাজু কলিতা
08/01/15