Old school Swatch Watches
মুখ্য পৃষ্ঠা
10/04/2512:34

চিত্ৰলেখা, তুমি ক'ত হেৰায় গ'লা

© ৰাজু কলিতা

চিত্ৰলেখা ,তুমি ক'ত হেৰায় গ'লা ?
গোপনে-গোপনে মোৰ প্ৰেয়সীৰ,
তুমি এখনি চবি আঁকি দিয়া !
নিষ্ঠুৰ প্ৰেয়সীৰ নষ্ট দেহত ,
পলে-পলে জ্বলে মোৰ হিয়াঁ !
চিত্ৰলেখা, তুমি ক'ত হেৰায় গ'লা ?
অগ্নিগড়ে মোক ৰিঙিয়াই মাতে !

উষা-অনিৰুদ্ধৰ প্ৰেমে মোক,
বৰকৈ আমনি কৰে !
তাঁতৰ শাল খন দেখিলে,
উষালৈ মোৰ মনত পৰে !
অগ্নিগড়ৰ চাৰি সীমা পাৰ হৈ,
মোৰ সপোনে তোমাকেই বিচাৰে !!
অগ্নিগড়ে মোক ৰিঙিয়াই মাতে !

চিত্ৰলেখা, তুমি ক'ত হেৰায় গ'লা ?
গোপনে-গোপনে মোৰ প্ৰয়সীৰ,
তুমি এখনি চবি আঁকি দিয়া !

20/07/14