Teya Salat
মুখ্য পৃষ্ঠা
13/09/25United States20:43

• বজাৰ - এক •

নিচাৰ বজাৰত 
অখ্যাত কবিৰ হৃদয়ৰ কবিতা 
চিগাৰেট হৈ জ্বলে |
ধুৱাঁত ওলাই শব্দৰ চকুলো |
তেজৰ ৰঙেৰে কোনে দিব নাম ?
এয়া নিচাৰ বজাৰ ,
কবিতাত নহয় উচিত দৰদাম |

আধুনিকতাৰ প্ৰেমৰ বজাৰত
মই বিলাসিতাৰ ৰাজকুমাৰ নহয় |
নীলাম নকৰো মৰম
কিনিব নোৱাৰো মেগাপিক্সেল কেমেৰা |
বাৰিৰ দুহেলিচা মাটিত
নিসিঁচো ভালপোৱাৰ বীজ ,
পিতাইক নিদিওঁ দুখ |

● ৰাজু কলিতা