XtGem Forum catalog
মুখ্য পৃষ্ঠা
01/05/2615:27

• বিজ্ঞাপন •

বেনামী উপ পথ
অশ্লীল আচৰন
শান্তি বিহীন সমাজত
বিবেক হীন সিহঁত পংগু |

প্ৰাচীন চিকিত্সালয়ত
বহুযুগীয়া ঔষধ ,
অসুখীয়া দেহাত
বৈৰাগীৰ আত্ম সমৰ্পন
চোলাৰ জেপত নাই
এটি ফুটাকড়ি |

এখিলা কাগজ
এফালে উকা ,আনফালে লিখা
শেষত এটি টিপচহী
অন্ধ শাসনৰ প্ৰতিশ্ৰুতি |

সমাজ সংস্কাৰৰ অপবাদ
মৃত্যুৰ বিভিষীকা |
সিহঁত সুখী
জনতাৰ পেটত গামুচা বান্ধি |

ৰৌদ্ৰজ্জল পুৱাত
মহামন্ত্ৰৰ ধ্বনি
বৰতাল আৰু খোল বাদ্যৰ তালত
বৃদ্ধা আইৰ উচুপনি
পোনাকন উলটি নাহিল...

দূৰৈত নৈৰ আৰ্তনাদ
নীলা বোৰ ৰঙা হোৱাৰ বেজাৰত
ঠিকনা বিচাৰি বিজ্ঞাপন
"এটি অচিনাকি মৃতদেহ..."

হিংসাৰ দাবালন
তেজবোৰ যেন ফটিকা |

গেলা মঙহৰ গোন্ধত
বিজ্ঞাপনৰ বজাৰত বিজ্ঞাপন
"পুনৰ উদ্ধাৰ
অন্য এটি অচিনাকি মৃতদেহ..."

_____ৰাজু কলিতা

17/02/15