XtGem Forum catalog
মুখ্য পৃষ্ঠা
12/08/2620:27

বেশ্যালয়

নিষিদ্ধ গলী
বেনামী ঠিকনা

এটা মৃতদেহ
এদল শগুণ
আৰু এজাপ
ৰঙীণ নোট |

পেটত ভোক
কোলাত কেচুঁৱা
উঠন বুকুত
কুকুৰৰ দাঁত |

ৰিহাৰ এফালে কলিজা
আনফালে মৃত্যু
জুহালত শিশুৰ আৰ্তনাদ
"মা...."

পূৱাৰ বাতৰি
তাই মৰিল
ভদ্ৰ সমাজত
অভদ্ৰৰ হাঁহি |

© ৰাজু কলিতা

11/02/15